
ভাৰতৰ তুলনাত বাংলাদেশৰ জনমূৰি আয় ১৭% অধিক
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ দেশত চৰম ৰাজনৈতিক অস্থিৰতা, বিক্ষোভ-প্ৰতিবাদ, প্ৰায় গৃহযুদ্ধৰ দুৱাৰদলিত বাংলাদেশ৷ তাৰ মাজতে ভাৰতৰ প্ৰতিৱেশী দেশখনলৈ আহিল ভাল খবৰ৷ বাংলাদেশী নাগৰিকৰ জনমূৰি আয় বৃদ্ধি পাইছে৷ বাংলাদেশ পৰিসংখ্যা ব্যুৰ’ৱে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ নাগৰিকৰ জনমূৰি বাৰ্ষিক আয় বৃদ্ধি পাইছে ২,৮২০ মাৰ্কিন ডলাৰলৈ৷ আজিৰ দিনটোত ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ হ’ব ২ লাখ ৩৪ হাজাৰ ৩৪২ টকা৷ অৰ্থাৎ এতিয়া প্ৰতিজন বাংলাদেশী নাগৰিকে গড়ে বছৰি ২,৩৪,৩৪২ টকাকৈ উপাৰ্জন কৰে৷ এই পৰিসংখ্যা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ, অৰ্থাৎ বাংলাদেশত ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ সময়ৰ৷ ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ মাৰ্চ পৰ্যন্ত বিত্তীয় বৰ্ষত দেশখনৰ জনসাধাৰণে কৰা আয় সৰ্বকালৰ সৰ্বোচ্চ ৷ বিগত বিত্তীয় বৰ্ষত বাংলাদেশী নাগৰিকৰ জনমূৰি আয় আছিল ২৭৩৮ ডলাৰ৷ বিগত বছৰৰ জুলাইৰ পৰা দেশখনত প্ৰবল গণ আন্দোলন আৰম্ভ হৈছিল আৰু ৫ আগষ্টত গণ অভ্যুত্থানৰ জৰিয়তে উৎখাত হৈছিল চৰকাৰ৷ নিৰ্বাচিত চৰকাৰ বাংলাদেশত এতিয়াও নাই৷ জুলাইৰ পৰা এতিয়াও বাংলাদেশত চৰম অৰাজকতা অব্যাহত আছে৷ ইয়াৰ অৰ্থ এয়াই, বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিক অৰ্থাৎ এপ্ৰিল-মে’-জুনৰ পাছত আন তিনিটা ত্ৰৈমাসিক অৰ্থাৎ জুলাইৰ পৰা ২০২৫ ৰ মাৰ্চলৈ বাংলাদেশ জলন্ত পৰিস্থিতিৰ সন্মুখীন হৈ থাকিলেও দেশখনৰ নাগৰিকে উপাৰ্জন বা উৎপাদন কৰিবলৈ এৰি দিয়া নাই৷
বাংলাদেশৰ অৰ্থনৈতিক উন্নয়নৰ এই উৎসাহজনক খবৰটো কিন্তু ভাৰতবাসীৰ বাবে ঈৰ্ষণীয়৷ কিয়নো জনমূৰি আয়ৰ ক্ষেত্ৰত আমি দৰিদ্ৰ বুলি উপলুঙা কৰি থকা বাংলাদেশ আমাতকৈ ওপৰত৷ ভাৰতৰ জনমূৰি গড় আয় হৈছে ২,৩,৬৬ মাৰ্কিন ডলাৰ৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত সেই সংখ্যা হৈছে ২ লাখ ২ হাজাৰ ৪৫৭ টকা৷ অৰ্থাৎ, সম্প্ৰতি এজন বাংলাদেশীয়ে ভাৰতীয় নাগৰিকতকৈ বছৰি প্ৰায় ৩৪ হাজাৰতকৈ অধিক টকা উপাৰ্জন কৰে৷ ভাৰতৰ তুলনাত বাংলাদেশৰ জনমূৰি আয় ১৭ শতাংশ অধিক৷ ভাৰতৰ অৰ্থনীতিয়ে, অথবা জিডিপিয়ে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ স্থান দখল কৰাৰ সময়ত বাংলাদেশৰ জনমূৰি আয় ভাৰতৰ তুলনাত অধিক হোৱাটো আমাৰ বাবে মুঠেই উৎসাহজনক খবৰ নহয়৷ এই খবৰ প্ৰকাশ হোৱাৰ সময়তে সম্প্ৰতি ভাৰতৰ অৰ্থনীতিৰ বিশালত্ব আৰু ভাৰতৰ অৰ্থনীতিৰ সিংহভাগ মুষ্টিমেয় কেইজনমান ধনকুবেৰৰ চন্দুকত সোমাই থকাৰ বিষয়টোৱে দেশত বিতৰ্কৰ সৃষ্টি কৰিছে৷ বহুতেই জনমূৰি আয়েহে এখন দেশৰ অৰ্থনীতিৰ স্বাস্থ্য প্ৰতিফলিত কৰে বুলি দাবী কৰাত আন একাংশই বিশ্বৰ উন্নত দেশৰ তুলনাত ভাৰতত সামগ্ৰীৰ কম মূল্যৰ বাবে ভাৰতীয়ৰ অধিক ক্ৰয় ক্ষমতা থকা বুলি যুক্তি দি প্ৰকৃততে ভাৰতৰ অৰ্থনীতিহে চমৎকাৰ বুলি দাবী কৰিছে৷ বাংলাদেশৰ জনমূৰি আয় ভাৰতৰ তুলনাত অধিক হোৱাৰ খবৰ তেওঁলোকে কিদৰে বিশ্লেষণ কৰে সেয়া লক্ষণীয় হ’ব৷